সি ব্ৰাচ কৰি কৰি ৰুমৰ পৰা ওলাই গ'ল। মোৰ কিন্তু তাক অলপো ভাল নালাগিল। সি মোৰ ফিলিংচবোৰ একো গুৰুত্বই নিদিয়া যেন লাগিল। ম'বাইলৰ স্ক্ৰীনত তেতিয়াও তাইৰ চেলফিখনেই ভাহি আছিল। টনা টনা চকুযুৰিৰে এক মোহনীয় ৰূপ।

এখন পাতল হাবিয়নি। ঠাইখিনি চিনি নাপালোঁ যদিও ঠাইখিনি আছিল পাহাৰীয়া। ঠাইখিনিৰ চাৰিওফালে আছিল অসংখ্য বনৰীয়া ফুলগছ আৰু ডাঙৰ ডাঙৰ বৰগছেৰে আবৃত। মই তাইক দুবাহুৰ মাজত লৈ সাৱতি আছিলোঁ আৰু কৈছিলো-
: "I love you Neha"
: "I love you too"- তাইয়ো মোক আবেগঢালি কৈছিল।
সমস্ত আবেগ যিখিনি নেকি মোৰ মনৰ ভিতৰত ইমান দিনে লুকাই আছিল আটাইবোৰ মোৰ দুবাহুলৈ সঞ্চাৰিত কৰি লৈ তাইক জোৰেৰে সাবতি ধৰিলো। জোৰেৰে... আৰু জোৰেৰে...।
:"আবে ঐ, এৰি দেনা।" হঠাৎ এটা পুৰুষৰ কন্ঠস্বৰে মাত দিয়া শুনা পালোঁ।
:"ঐ এৰ, মাৰি পেলাবি নেকি?" পুনৰ সেই একেটা কন্ঠস্বৰ।
লাহেকৈ মোৰ চকুযুৰ মেলখালে। কিন্তু এয়া কি! নেহা ক'ত গ'ল? মই চোন প্ৰজ্ঞানকহে সাবতি ধৰি আছোঁ। সি বেচেৰা ঘামি গৈছে গৰমত। তাৰ বগা হাফ গেঞ্জীটোও ঘামত তিতি গৈছে। মই নিজকে ৰুমৰ বিছনাত আবিষ্কাৰ কৰিলোঁ।
অ'.... তাৰমানে ইমানপৰে মই সপোনহে দেখি আছিলোঁ। গতামাৰি দিলোঁ তাক মোৰ দুবাহুৰ মাজৰ পৰা। বেচেৰাই দুই লুটিমান মাৰি বিছনাৰ পৰা তলত পৰিলগৈ। ঘড়ীটোলৈ চাই পঠিয়ালো! ঘড়ীটোৱে ইতিমধ্যে সাতৰ ঘৰ স্পৰ্শ কৰিছে।
:"বাবা ৰে বাবা! সাতটা বাজিলেই।" মোৰ মুখৰ পৰা ডাঙৰকৈ ওলাই আহিল।
:"আই ঐ, ইমানডাল থেকেচা দিছে ঐ! ঐ পাগল, মোক ডিঙিত ধৰি যিটোহে চেপা দিছ, আৰু অলপ সময় থকা হেঁতেন মৰিয়েই গলো হয় কিজানি। ...এক মিনিট, আৰু এটা কথা কচোন, মোক যে এনেদৰে ধৰি আছিলি, কিয় বাৰু? -সি খং মিশ্ৰিত কন্ঠেৰে সুধিলে মোক। মই বৰ লাজ পালোঁ। তাক লাজ লাজ ভাবেৰেই ৰাতিপুৱা দেখা সপোনটোৰ বিষয়ে সকলো বিবৰি কলো।
:"হ'ব হ'ব দে তোৰ সপোনৰ কথা। আৰে তোৰ নিচিনা এটাকনো তাই ভাল পাবনে? পাট্টাই নিদিয়েচোন তাই তোক।" প্ৰজ্ঞানে ইতিকিং কৰি ক'লে।
:"কি বাজে কথা কৱ তই? দষ্টোৰ্মত পাট্টা দিয়ে তাই মোক। ক্লাছত মাতবোল কৰে, ফেচবুকটো মোৰ কেইটামান পষ্ট লাইক কৰিছে, মেচেজৰ ৰিপ্লায়ো কৰে মাজে মাজে।"
: "কেৱল এইখিনিয়েই যথেষ্ট নহয়। বাৰু তাই ফেচবুকত আপলোড দিয়া ফটোবোৰ চাওঁ।"
মই খুচুৰি খুচুৰি তাক দেখোৱালো।
: "এয়া চা।"
: "মোক চাব দিব নালাগে তইয়ে চা। চাচোন কেনেকৈ ডিঙি বেকা কৰি, ওঠ জোঙা কৰি ভাল মুখখনো প'লিঅ' হোৱা মানুহৰ দৰে কৰিছে- আই ঐ!"
: "হ'ব হ'ব দে, তই খালি তাইৰ বেয়া গুণবোৰকে দেখি থাক।"
: "ওম যা এতিয়া... সোনকালে ব্ৰাচ কৰগৈ, নহ'লে কলেজলৈ দেৰি হ'ব, যা।"
সি ব্ৰাচ কৰি কৰি ৰুমৰ পৰা ওলাই গ'ল। মোৰ কিন্তু তাক অলপো ভাল নালাগিল। সি মোৰ ফিলিংচবোৰ একো গুৰুত্বই নিদিয়া যেন লাগিল। ম'বাইলৰ স্ক্ৰীনত তেতিয়াও তাইৰ চেলফিখনেই ভাহি আছিল। টনা টনা চকুযুৰিৰে এক মোহনীয় ৰূপ । আকৌ তাইৰ ভাৱনাতেই বিভোৰ হৈ পৰিলোঁ মই।
:"আনৰ চকুত গাহৰি হ'লেও তুমি মোৰ চকুত লাহৰী সোনজনী।"
ম'বাইলটো মোৰ ওঠ দুটাৰ কাষলৈ চপাই আনিলো।
:"ঐ পাগল, তই যদি আৰু এক মিনিট শুই থাক' বাপেৰক চব কথা লগাই দিম।", প্ৰজ্ঞানে বাথৰুমৰ পৰা চিঞৰিলে।
:" ফিলিংচবোৰ অহা সময়তে দিগদাৰ দিয়ে এইবোৰে।"
মুখতে ভূৰভূৰাই উঠি গলো বিছনাৰ পৰা। ফোৱাৰ সময়ত নেহাৰ ফটোখন চেভ কৰি ল'লো।
~সন্ধ্যাৰাগ~
মোৰ নাম অনুৰাগ। ঘৰ মৰিগাঁও জিলাৰ সোনাইপৰীয়া এখন ভিতৰুৱা গাঁৱত। উচ্চতৰ মাধ্যমিক ডেউনা এখন আঞ্চলিক কণিষ্ঠ মহাবিদ্যালৰ পৰা কৰি আহি বৰ্তমান ভৰি দিছোহি মৰিগাঁও মহাবিদ্যালয়ত। প্ৰজ্ঞানৰ ঘৰ আমাৰ ঘৰৰ ওচৰতে। আমি নলে গলে লগা ভাল বন্ধু। নাকৰ পৰা সেঙুন চেলেকী আমগছৰ তলত চিঞৰি চিঞৰি নেউতা পঢ়াৰ দিনৰে পৰাই আমি একেলগে। ইয়ালৈ আহিও দুয়ো এটা ৰুমকেই লৈছোঁ। নতুন ঠাই নতুন শিক্ষানুষ্ঠান তথা নতুন বন্ধু বান্ধৱী পাই মনটো বৰ ভাল লাগিছিল। প্ৰথম কেইদিন বিশেষ একো অনুভৱ কৰা নাছিলোঁ যদিও পাছত আমাৰ বিভাগৰে ছোৱালী এজনীৰ প্ৰতি বিশেষ ভাৱে আকৰ্ষিত হলো মই। তাইৰ সেই দুচকু, খোজৰ লাৱনী গতি, ভূৱন ভুলোৱা হাঁহি, মাত কথা আদিয়ে মোৰ দুচকুৰ টোপনি ক'ৰবাত যেন হৰি নিলে। তাইৰ নামটো জানিবলৈ খুওৱ মন গ'ল মোৰ। এদিন চিনাকীও হলো। নেহা.... নেহা তাইৰ নাম। ক্লাছত থাকিলেও তাইৰ ফালেই চকু গৈ থকা হ'ল মোৰ। ৰুমত থাকিলেও কেৱল তাইৰ কথাই মোৰ মনত পৰি থাকে। মাত্ৰ এমাহতে তাই অধিকাৰ কৰি ল'লে মোৰ মন প্ৰাণ সকলো। এতিয়া ভাবিছোঁ মই আৰু বেছি দিন অপেক্ষা নকৰোঁ। আজিয়েই মই তাইক মোৰ মনৰ সকলোবোৰ কথা খুলি কম। অৱশ্যে ভদ্ৰভাৱে দুই এষাৰ কথা পতাৰ বাহিৰে আমাৰ মাজত বিশেষ একো আন্তৰিকতা গঢ়ি উঠা নাই। "কিন্তু প্ৰেমত পৰিবলৈ গোটেই জীৱন নহয়, মাত্ৰ এটা মধুৰ ক্ষণেই যথেষ্ট।" - এইটো মই কোৱা কথা নহয়, কোনোবা এখন চিনেমাৰ পৰাহে সাৰুগত কৰিছোঁ উক্ত ডাইলগ ফাঁকি। তাতে আজি ৰাতিপুৱা যিটোহে সপোন দেখিলোঁ, ই মোৰ আত্মবিশ্বাস আৰু বৃদ্ধি কৰিলে।
৯ বজাত কলেজত প্ৰৱেশ কৰিলোঁ। লগত প্ৰজ্ঞান আছেই। তাক মোৰ মনোভাৱটো বুজাই কলো।
:হেৰ ইডিয়ত, মানুহৰ লাজ ভয় বুলি কিবা এটা বস্তু আছে দেচোন। ভগৱানে তোক এইবোৰ একো নিদিলে নেকি অ'? আৰু তাই যদি তোৰ আগতেই প্ৰিঞ্চিপাল ছাৰৰ ওচৰত কম্প্লেই কৰে।- প্ৰজ্ঞানে আচহুৱাভাৱে কৈ উঠিল।
:"আৰে তই মোক আজি ইমান সং খাই আছ কিয়? ল'ৰাই ছোৱালীক প্ৰপজ কৰেই আৰু... আৰু নেহা ইমান আকৰী ছোৱালী নহয় যে তাই তেনেকুৱাখন কৰিবগৈ।" মই তাক বুজোৱাৰ চেষ্টা কৰিলোঁ।
: অ হয় নেকি। আজি কালিৰ চিনাকী ছোৱালী এজনীৰ বহু গুণ বখানিব পৰা হলি হে। আগতেটো তই ইমান ছোৱালী পাগল নাছিলি। চা ৰাগ মই তোৰ ভালৰ কাৰণেই কৈ আছোঁ, মিচা আশা বাদ দে, বহু ভাল ছোৱালী পাবি। পঢ়া-শুনাত ভালকৈ মন দে।
: আব্বে, প্ৰেমত পৰিলেহে গম পাবি ৰহ! তেতিয়াহে চাম তোৰ এই নীতিবচন বোৰ কলৈ যায়।
: মোক কি তোৰ নিচিনা পাইছ নেকি? মোৰ দ্বাৰা নহ'ব দেই এইবোৰ প্ৰেম চেমৰ লীলা। ওম, এতিয়া এইবোৰ চেপ্তৰ বন্ধ কৰ, ক্লাছৰুম পালোহি।
আমি ক্লাছ ৰুমত প্ৰবেশ কৰিলোঁ। নেহাক প্ৰপজটো আজি ব্ৰেক টাইমতে কৰিম বুলি থিৰাং কৰিছোঁ। প্ৰজ্ঞানক আৰু একো নকলো। কিয় জানো মোৰ এনে ভাৱ হৈছে মই নেহাক ভালপোৱা কথাটো সি যেন সহজভাৱে ল'ব পৰা নাই।
টিং... টিং... সেয়া ঘন্টা বজাৰ শব্দ, ব্ৰেক টাইম। বিমান চাৰ ক্লাছৰুমৰ পৰা উলাই গ'ল। সংগীতা, শ্ৰৱন্তী আৰু অনামিকাহঁতৰ ওচৰৰ পৰা তাইক পদুম পুখুৰীৰ পাৰলৈ মাতি আনিলো। মই তাইৰ চকুলৈ চাব পৰা নাই। ক'ৰ পৰা আৰম্ভ কৰিম কি বুলি কম... এ সকলোবোৰ দেখোন উলত পালত লাগি গ'ল।
: "ঐ মোক কিয় মাতি আনিছিলা কোৱা আকৌ।"- নেহাই কৈছিল।
:" মা... মানে নেহা... নজনোৱাকৈ মই তোমাক বহুত ভালপায় পেলাইছো। I love you, I love you so much Neha. Will you be my girlfriend?"- মই তাইৰ চকুলৈ চালোঁ বহু আশাৰে...
:"What you rascle! গাৱত চাগে বহুকেইজনী ঠগি আহিছ তাৰ কোনো ঠিক নাই! এতিয়া তই মোৰ ওপৰত চকু দিয়? বাওনা হৈ চন্দ্ৰলৈ হাত মেলিবলৈ তই সাহ ক'ত পালি? গয়া ক'ৰবাৰ।" এইখিনিকে কৈ তাই আতৰি গৈছিল মোৰ কাষৰ পৰা। ধেৎ সপোনৰচোন সম্পূৰ্ণ ওলোটা প্ৰতিফলন হে ঘটিল মোৰ বাস্তৱ জীৱনত। বৰ বেয়াকৈ নস্যাৎ কৰি গ'ল তাই মোৰ প্ৰেমৰ প্ৰস্তাৱ। গোটেই গাটো বেজবেজাই গৈছে। বুকুখনত সামান্য বিষ অকণ অনুভৱ কৰিলোঁ। থিক, প্ৰজ্ঞানে থিকেই কৈছিল। অলপ পাছতে প্ৰজ্ঞান আহি উপস্থিত হ'লহি মোৰ কাষত। তাক দেখি মোৰ মূৰটো সামান্য ঘূৰাই গ'ল। মোৰ বৰ্তমান ফাটমেলা বসুমতি পাতালে লুকাই অৱস্থা।
:"কি হ'ল বন্ধু, প্ৰথম প্ৰেমে মোহাৰি গ'লনে তোৰ হৃদয়ৰ ৰঙা গোলাপ জোপাক। মই তোক সেইবাবেই বাৰে বাৰে কৈ আছিলোঁ এইবোৰ বাজে ধান্দা বাদ দে বাদ দে। কিন্তু নাই প্ৰেম পাগলৰ খৱৰেই নাই। মোৰ কথাবোৰ বিষ যেন লাগিছিল ন? এতিয়া পাইছনে মজাটো?" -প্ৰজ্ঞানে খং আৰু ইতিকিং মিশ্ৰিত কন্ঠেৰে কথাবোৰ ক'লে। কটা ঘা টুকুৰাত যেন সি পুনৰ নিমস সিচি দিলে! মই আৰু ৰব নোৱাৰিলোঁ। চকুৰ পৰা ওলাই আহিল খঙে দুখে সৰসৰকৈ চকুপানী দুটুপালমান।
: "মই শপত খাই কৈছোঁ, আজিৰ পৰা মই আৰু কোনো ছোৱালীকেই মূৰ তুলি নাচাও। তোৰেই শপত প্ৰজ্ঞান।"- বুকুত এজাক ধুমুহাই গৰজি থকা স্বত্বেও প্ৰজ্ঞানৰ কথাবোৰ সহ্য কৰিব নোৱাৰি মুখৰ পৰা ওলাই আহিল কথা কেইটা। আজি আৰু ব্ৰেকৰ পাছত ক্লাছ কৰা নহ'ল। ওভতি আহিলো ৰুমলৈ। ইমান শূণ্যতা কাহানীও অনুভৱ কৰা নাছিলোঁ। দিশাহীন পথ আৰু অসহায়তাৰ শিকলিডালে মোক যেন মেৰিয়াই ধৰিছিল। বাৰে বাৰে মন আৰু মগজুত নেহাই কোৱা বাক্য কেইষাৰীয়ে ভাহি আছিল। মা দেউতালৈ খুওব মনত পৰিল। হঠাৎ এটা সিদ্ধান্ত লৈ পেলালো, আজি আবেলিয়েই গুছি যাম ঘৰলৈ। অন্ততঃ প্ৰেজ্ঞানৰ ইতিকিং আৰু নেহাৰ স্মৃতি বোৰৰ পৰা অলপ হ'লেও আঁতৰত থাকিব পাৰিম।
ক্ৰচ উইংগাৰ খন আহি গাঁৱৰ তিনিআলিত ব্ৰেক মাৰিলে। ঘৰলৈ খোজ লোৱাৰ পথত প্ৰজ্ঞানক মেচেজ কৰি দিলোঁ, "মই ঘৰলৈ আহিলো।" মোক পদূলিত দেখি মা আচৰিত হ'ল খৱৰ নিদিয়াকৈ হথাৎ আহি ঘৰ ওলোৱাৰ বাবে। হাত মুখ ধুই চাহৰ কাপত চুমক দিয়ালৈ সন্ধিয়াই হ'ল। ঘৰলৈ আহি শান্তি পাম বুলি ভাবিছিলো যদিও মোৰ মনৰ ব্যাকুলতাবোৰ দুগুণ চৰিলহে। মই নিজেই নিজৰ প্ৰতি আচৰিত হৈছিলো। ইমান বেয়াকৈ তাই মোক কোৱাৰ পাছতো মোৰ অন্তৰত তাইৰ প্ৰতি অকণো আক্ৰোশ জন্মা নাই কিয়? কিয় এতিয়াও নেহাৰ কথাই ভাবি আছোঁ মই। হয়টো এয়াই ভালপোৱা, যাক প্ৰত্যাখ্যানৰ দ্বাৰা হত্যা কৰিব নোৱাৰি। বিছনাত পৰোতেই প্ৰজ্ঞানৰ মেচেজ আহিল: Good night;

আনলক কৰোঁতেই ভাহি আহিল উৱালপেপাৰ কৰি থোৱা নেহাৰ ফটোখন! বুকুখন চিৰিংকৈ মাৰিল।
:নি:সন্দেহে তুমি সুন্দৰী! কিন্তু অন্তৰখন ইমান কুৎচিত কিয়? মোক যদি ভাল নোপোৱা ভদ্ৰ ভাৱেও ক'ব পাৰিলা হেঁতেন। কিন্তু তাৰ পৰিৱৰ্তে ইমান দুৰ্ব্যৱহাৰ। মই সচাকৈ বহুত দুখ পাইছোঁ অ'....বহুত ।" পাচৰফালে মাতটো অলপ থুকাথুকি হৈ পৰিল আৰু নিগৰি আছিল দুগালে দুধাৰি তপত অশ্ৰু।
অৱশেষত উক্ত দিনটো আহি উপস্থিত হ'ল। আমাৰ ভ্ৰমণ কাৰ্যসূচী ৰাতিপুৱা সাত বজাতেই আৰম্ভ হোৱাৰ কথা। মই আৰু প্ৰজ্ঞানে সোনকালে উঠি যাৱতীয় বস্তু বোৰ সামৰাত ব্যস্ত হৈ পৰিলোঁ। সকলোবোৰ বস্তু সামৰি সুতুৰি কলেজত আহি উপস্থিত হলোহি।
পাছদিনা প্ৰজ্ঞানে ফোন কৰিলে।
:হেল্লো'
:ওম ক'
:কালি মোক নজনোৱাকৈ কিয় গুছি গলি? বহুত ভয় খাই গৈছিলো মই জান!
:চৰি য়াৰ টেনিচনতে পাহৰি গলো। ঐ নেহাই কিবা কৈছে নেকি।
: আকৌ নেহা!! বাৰু বাদ দে সেইবোৰ কথা, তই আজিয়েই গুছি আহ ইয়ালৈ।"
:"মই এসপ্তাহমান ঘৰতে থাকিম।"
:"কিয়? প্ৰজেক্টৰ মাৰ্কচ নালাগে মানে তোক? পাহৰিলি নে আমাক যে প্ৰজেক্টৰ বাবে অৰুণাচললৈ অহা কালিলৈ লৈ যাব।" -সি মোক সকিয়নিৰ সুৰত কৈছিল। ইচ ৰাম... ময়ো এইবোৰত লাগি থাকোঁতে পঢ়া শুনা বাদেই দিছোঁ আৰু, নিজকে বেয়া লাগিল মোৰ।
:"মই একদম পাহৰি গৈছিলো জান। হ'ব দে মই আজিয়েই গৈ আছোঁ।" মোৰ মনটো অলপ পাতল পাতল লাগিল। যা হওঁক এই সুযোগতে মনটো অলপ ৰিফ্ৰেচ কৰি আনিম।
অৱশেষত উক্ত দিনটো আহি উপস্থিত হ'ল। আমাৰ ভ্ৰমণ কাৰ্যসূচী ৰাতিপুৱা সাত বজাতেই আৰম্ভ হোৱাৰ কথা। মই আৰু প্ৰজ্ঞানে সোনকালে উঠি যাৱতীয় বস্তু বোৰ সামৰাত ব্যস্ত হৈ পৰিলোঁ। সকলোবোৰ বস্তু সামৰি সুতুৰি কলেজত আহি উপস্থিত হলোহি। মোৰ দুচকুৱে নেহাক বিচাৰিলে! বাচত উঠি ইফালে সিফালে চালোঁ, নাই চোন কতো! নাহিব নেকি তাই? মোৰ মনটো বেয়া লাগি গ'ল হঠাত। বিষন্নভাৱে চিটত বহি পৰিলোঁ। এনেতে হঠাৎ বাচখনৰ দুৱাৰেদি নেহাৰ প্ৰৱেশ ঘটিল। এটা নীলা ফুটুকীয়া দীঘল ফ্ৰকেৰে ধুনীয়া লাগিছিল তাইক। সন্মুখত তাইক দেখি মোৰ মনটো পুনৰ অশান্ত হৈ পৰিল। দুটা দীঘল হুমুনিয়াহ মাৰি শান্ত কৰিব চেষ্টা কৰিলোঁ মোৰ পাগল মনটোক।
:"Hi অনুৰাগ"- নেহাৰ কন্ঠস্বৰ চোন সেয়া।
মই মোৰ তুলি চালোঁ, হয় সন্মুখত সেয়া নেহাই হয়। মোৰ বুকুৰ ধপঢপনিবোৰ বাঢ়িব ধৰিলে।
:"I'm sorry অনুৰাগ! সিদিনা মই বেছিয়েই কৰি পেলালো। তুমি বেয়া নাপাবা!" - এইখিনিয়ে কৈ তাই পিছলৈ গৈ নিজৰ শ্বিত দখল কৰিছিল। নাজানো কিয় অবুজ অভিমান এটা তেতিয়াহে জাগি উঠিছিল। যা হওঁক তাই যে অলপ বুজি উঠিছে,, যি নহওঁক ইমান সোনকালে পাহৰাটো অসম্ভৱ না তাইক, না তাই কৰা অপমানবোৰ।
ভগৱানৰ নাম লৈ আৰম্ভ কৰিলোঁ আমাৰ এই অৰুণাচল যাত্ৰা। আচলতে আমাক লৈ যোৱা হ'ব অৰুণাচল প্ৰদেশৰ অতি মনোৰম ঠাই ভালুকপুঙলৈ। যাত্ৰা পথত খিড়ীকিৰ কাষত বহি গ্লাচৰ ফাকেৰে অহা মলয়াজাকৰ মাজত এৰি দিলোঁ নিজৰ মনটোক। মাজে মাজে নেহালৈ চাওঁ, তাইৰ প্ৰতিটো ওঠৰ ভাজ যিটো নেকি হাঁহিলৈ ৰূপান্তৰিত হয়, মোক শেল হৈ বুকুতে বিন্ধেহি।
ইখনৰ পাছত আন এখন ঠাই,এখন জিলাৰ পৰা আন এখন জিলা পাৰ হৈ আমি অৱশেষত উপস্থিত হলোহি ভালুকপুং। সন্ধিয়াৰ ভালুকপুং আদৰণি জনাইছিল আমাক। আমাৰ বাবে বাবে ইয়াতেই এখন অতিথিশালা থিক কৰি থোৱা আছিল। দুমহলীয়া বিল্ডিংটোৰ ওপৰৰ মহলাত ছোৱালীবোৰক আৰু তলৰ মহলাত ল'ৰা বোৰক থাকিবলৈ দিয়া হ'ল। দিনটো লং জাৰ্ণি কৰি যথেষ্ট ভাগৰ লাগিছিল। সেইবাবে ভাত পানী খাই শুই পৰিলোঁ আমি।
ৰাতিপুৱা সোনকালে আহি ডেকা ছাৰে আমাক জগাই দিলেহি। উঠি আহি প্ৰত্যক্ষ্য কৰিলোঁ সুন্দৰ ভালুকপুং খনক। সচাকৈয়ে অৰুণাচল প্ৰদেশৰ ই অতি মনোৰম ঠাই। কিন্তু ইয়াৰ মানুহৰ জনবসতি যথেষ্ট পাতল। আমি থকা অতিথিশালাটোৰ ওচৰতো মানুহৰ ইমান জনবসতি নাই। চাৰিওফালে কেৱল গছ আৰু গছ। মাত্ৰ সন্মুখেৰে পৰি আছে ক'লা বৰণৰ অকাই পকাই নিৰ্মিত এটা মস্ত পকী ৰাস্তা।
প্ৰথম দিনাৰ জৰিপ কাৰ্য আৰম্ভ হ'ল আমাৰ অতিথিশালাৰ ওচৰৰ এখন গাঁৱত। সৰু সৰু সেউজী পথাৰবোৰেৰে যেতিয়া আমিবোৰ খোজকাঢ়ি আগবাঢ়িছিলো, চঞ্চলা শীতল বতাহ-চাটি বোৰে আমাক চুমি ৰুমাঞ্চিত কৰি তুলিছিল।প্ৰতিটো যৌৱনামন শিশু হৈ পৰিছিল তেতিয়া। এনেতে দেখিলোঁ নতিদূৰৈত এখন নানাৰঙী তথা বিভিন্ন প্ৰজাতিৰে ভৰপূৰ এখন ধুনীয়া ফুলৰ বাগিচা। এটুকুৰা মুকলি ঠাইত প্ৰাকৃতিক ভাৱে বাগিচাখনত হাজাৰ পখিলাৰ সমাহাৰ ঘটিছে। সুন্দৰপুৰীখনৰ ফালে আমি সকলো দৌৰি যোৱাদি গলো। ফুলনীখনৰ কাষত এখন ওখ সৰলগছৰ ডাঠ হাবি। নতিদূৰৈত কুঁৱলীৰ আচ্চাদনত থকা নীলীম ৰঙৰ পাহাৰ এটাৰ অৱস্থান অস্পস্তভাৱে দৃষ্টিগোচৰ হয়। ফুলনীখনত যদি কোনোৱে ফুলবোৰৰ মাজত শুই দিছে, কোনোৱে পখিলা ধৰিবলৈ জোপ লৈ ফুৰিছে। মই হাবিখনৰ ফালে দৌৰিলো।
:"হুম বেছি হৈছে আৰু দেই! হাবিৰ ফালে নাযাবা, সোনকালে ঘূৰি আহা।" - ৰমেন ছাৰে চিঞৰিল।
আনন্দত অভিভূত হৈ আমি পুনৰ যাত্ৰা আৰম্ভ কৰিলোঁ। এখন সপোনপুৰীত বিচৰণ কৰি থকাৰ পাছতো মনটো তেতিয়া গধূৰ হৈ পৰে যেতিয়া মোৰ চকুত নেহা ধৰা দিয়েহি। তাই মোৰ লগত সহজ হ'ব চেষ্টা কৰি আছে, কিন্তু মই পৰা নাই। যেতিয়াই তাই মোৰ ফালে চাই হাঁহি দিয়ে, কিন্তু তেতিয়াই মোক অবুজ অভিমান এটাই ধৰা দিয়েহি। অথচ তাই মোৰ ফালে কেতিয়া চাব, কেতিয়া চাব, সেই ভাৱনাতে বিভোৰ হৈ ঘনাই চকু মাৰো তাইৰ ফালে।তাইক গৈ মৰমতে চিকুটি দিওঁ যেন লাগিছিল, যেতিয়া তাই সৰু সৰু পখিলাৰ পাছত দৌৰি ফুৰিছিল। জৰীপ কৰিবলৈ ঘৰে ঘৰে সোমওতে উৎকন্ঠিত ভাৱেচাই থকা সৰু সৰু শিশুবোৰক যেতিয়া নেহাই কোলাত তুলি লয়, আমাৰ পাছে পাছে দৌৰি অহা কণমানি বোৰক যেতিয়া তাই বেগত লৈ যোৱা চকলেট বিলাই দিয়ে, এনে লাগে যেন আকাশৰ পৰা এজনী পৰী নামি আহিছে এই ধৰালৈ বুলি।
প্ৰথমদিনা জৰীপকাৰ্য শেষ কৰি ভাগৰুৱা দেহ বোৰ মেলি দিলোহি অতিথিশালাৰ ৰুমৰ বিছনাত।
সূৰুযে মিঠা মিঠা পোহৰৰ আভাবোৰ চটিউৱাৰ লগে লগেই আমাৰ যাত্ৰা হ'ল প্ৰথমদিনা যোৱা গাওঁ খনৰ বিপৰী দিশত থকা অন্য এখন গাঁৱত।
গাওঁখনৰ সন্মুখেৰে বৈ যোৱা এটা খৰশ্ৰুতা জুৰিয়ে সম্ভাষন জনাইছিল আমাক। পৰিবহণ বুলিবলৈ বচ এডাল বাঁহৰ সাঁকো। এজন দুজনকৈ আমি বহুকেইজনেই সহজে সাঁকোখন পাৰ হ'লো।
:"মোৰ বহুত ভয় লাগিছে ছাৰ, আজিলৈ মই সাঁকোত উঠি পোৱা নাই"- নেহাই ভয় মিশ্ৰিত কন্ঠেৰে ক'লে।
:ভয় কৰিব লগীয়া একো নাই, এয়া চোৱা মই কিদৰে পাৰ হ'লো... আহা" এইবুলি কৈ ডেকা ছাৰ পাৰ হৈ আহিল।
নেহাই দুখোজ দিছিলহে মাত্ৰ সাঁকোত ভৰিখন পিচলি পৰি গ'ল তাই জুৰিটোৰ বুকুত। মোৰ বুকুখন চিৰিংকৈ মাৰিলে, নেহা উটি গৈ আছে খৰশ্ৰুতা পানীত, সকলোৱে হোৱা দুৱা লগালে, এক মূহুৰ্তও পলম নকৰি মই জাপ দিলোঁ জুৰিটোৰ বুকুত। সন্মুখত যে সেয়া মোৰ জীৱন উটি গৈ আছিল! তীব্ৰবেগে সাতোৰিছো মই, বোৱতী সোতেও ভালেখিনি সহায় কৰিছে মোক। ককবকাই থকা নেহাক এবাৰতেই চুলিত ধৰি মূৰটো পানীৰ পৰা বাহিৰ কৰি লৈ আনিলো, যাতে আৰু পানী নাখায়। মোৰ গাত মাত্ৰ ভেজা দি পানীৰ পৰা মূৰটো উলিয়াই থাকিব দি মই এক নিৰাপদ স্থান বিচাৰি চাৰিওফালে ভূমুকি মাৰিলো। এনেতে দেখিলোঁ সন্মুখত এটা প্ৰকাণ্ড শিল উলায় আছে। এয়াই সুবৰ্ণ সুযোগ। টাইমিং মিলাই সমষ্ট জোৰেৰে শিলটোক খামুচি ধৰিলো। সন্মুখৰ ফালে চাই দেখো সেই নিজৰাটো আগলৈ গৈ এটা গভীৰ জলপ্ৰপাতলৈ ৰূপান্তৰিত হৈছে।
নেহাক শিলটোৰ ওপৰত বহিবলৈ দি মইয়ো বহি ললো। ভাগৰত তাই লেবেজান হৈ পৰিছিল। পানীও খাইছিল যথেষ্ট তাইক মুখত আঙুলি মাৰি দিবলৈ কলো। তেনে কৰিলত মুখেৰে যথেষ্ট পানী হল-হলাই বাহিৰলৈ উলাই আহিল। নিজৰাৰ দুয়োপাৰে আমাৰ সহপাথী তথা শিক্ষকবৃন্দ দৌৰি আহি আছিল। ৰছীৰে উদ্ধাৰ কৰা হ'ল আমাক। এজন এজনকৈ সকলোৱে মোৰ সাহসীকতাক ধন্যবাদ দিয়াৰ শেষত চুচুক চামাককৈ নেহা মোৰ কাষত থিয় হ'লহি!
: "অনুৰাগ"
:"কোৱা"
:"Thank you, এটা নাশ্চিত মৃত্যুৰ পৰা ৰক্ষা কৰাৰ বাবে। এটা নতুন জীৱন দান দিলা তুমি মোক।"

থুকাথুক মাতেৰে তাই কথা কেইষাৰ ক'লে। মই বহুত সুখী আছিলোঁ যে তাই এতিয়া সম্পূৰ্ণ নিৰাপদ, কিন্তু তাই মোক আহি কিবা এটা ক'লেই নাজানো কিয় সিদিনা কৰা অপমানসূচক মন্তব্যবোৰ পুনৰ মগজুত ক্ৰীয়া কৰে আহি।
:"মই জানো তুমি বহুত দুখ পাই আছা! I'm really very sorry অনুৰাগ। মই মানো মই সিদিনা তেনেকৈ ক'ব নালাগিছিল। But can we be good friend?"
তাইৰ অনুনয়ত এইবাৰ মই তাইৰ ফালে চালোঁ, তাই হেণ্ডচেক কৰিবৰ বাবে হাত এখন আগুৱাই দিলে!
:"মোৰ ঔকাত তোমাতকৈ বহুত তলত নেহা! মোৰ নিচিনা এটা গঞা জানো তোমাৰ বন্ধুত্বৰ যোগ্য! I'm sorry Neha, কিন্তু মই তোমাৰ সেই ব্যৱহাৰৰ বাবে তোমাক হয়তো কেতিয়াও ক্ষমা কৰিব নোৱাৰিম।" -হৃদয়ত হাজাৰ বাৰ হা থকাৰ স্বত্বেও কিন্তু তাইৰ প্ৰতি থকা অভিমান আৰু মোৰ আত্মসন্মানবোধ খিনিয়ে মোক তাইৰ বন্ধুত্বৰ প্ৰস্তাৱটো না কৰিবলৈ বাধ্য কৰালে।
ৰাতিপুৱা কুঁৱলী ফালি গতি কৰিলোঁ ফুলনিডৰাৰ ফালে! সিদিনা মই হাবিডৰাৰ ফালে এটা বহুত ধুনীয়া প্ৰজাতিৰ ফুল দেখিছিলো। সেইটোকেই নেহাক উপহাৰ স্বৰূপে দি 'sorry' কম।
সন্ধিয়া অতিথিশালাৰ বাৰান্দা! দীঘল ৰেলিং থকা বেঞ্চখনত বহি আত্মবিভোৰ হৈ আছিলোঁ, মনত হাজাৰ ভাৱৰ হেন্দুলনি, আকাশলৈ চালোঁ, চন্দ্ৰমাজনীয়ে নিজৰ সোণালী আভাত জোনাকী পৰুৱাৰ মেলা পাতিছে।
:"ৰাগ, বহিব পাৰোনে?" -প্ৰজ্ঞানৰ মাতত ওচপ খাই উঠিলো।
:"ওম বহ! সুধিব লগিয়া কি আছে?" মই তাক উত্তৰ দিলোঁ।
:"ৰাগ"
:"ওম"
:"এটা কথা সোধো।"
:"ক' কি কথা?"
:" তই নেহাক এতিয়াও ভাল পাৱ ন?"
:"হিহ" ওঠেৰে এটা শেতা ওলাই আহিল মোৰ।
:"অ পাওঁ... কাৰণ মোৰ ভালপোৱা বোৰ সচা, আৰু হয়তো আজীৱন পাই থাকিম এনেকৈয়ে।"
:"মই তোক এটা ডাঙৰ কথা কবলৈ গৈ আছোঁ, পাৰিলে তই মোক ক্ষমা কৰি দিবি।" - প্ৰজ্ঞানে ক'লে।
:"কচোন কি কথা।" মোৰ বুকুখন চিৰিংকৈ মাৰিলে।
:"মই ৰাগ... নেহাক তোৰ পৰা আতৰাই লৈ অনা মানুহজন মইয়ে।"
:"মানে কি ক'ব বিচাৰিচ তই?"
:"ৰাগ তই তাইক প্ৰপজ কৰাৰ আগমূহুৰ্তত তাইক মই তোৰ বিষয়ে বহুত কথা লগাইছিলো, যে তই মদ খাৱ,ভাং খাৱ আৰু তোৰ তাইৰ প্ৰতি বেয়া দৃষ্টি আছে।" -প্ৰজ্ঞানে অকপটে চিকাৰোক্তি দিলে।
:"কি? তই মোৰ লগত এনেকুৱা কিয় কৰিলি প্ৰজ্ঞান?
তোৰ যদি তাইৰ প্ৰতি মনেই আছিল, এবাৰ মোক...
:"তেনেকুৱা একো নহয়।" - সি মোক কথাটো শেষ কৰিব নিদিলে।
:"তেন্তে কি প্ৰজ্ঞান?"
:"মই ভয় খাইছিলো তোৰ মতি গতিবোৰ দেখি। আৰু আজিকালি চহৰৰ ছোৱালী বোৰ ভাল নহয় ইমান, বহুত ল'ৰাৰ জীৱন ধ্বংস হোৱা মই দেখিছোঁ নিজে। মই বহুত ভয় খাই গৈছিলো অ' ৰাগ! গতিকে মই তাইক তোৰ পৰা আতৰাই ৰাখিব বিচাৰিছিলো।"
মই কি কম, কি নকম ভাবি নাপালোঁ। নেহাই সিদিনা কৰা ব্যবহাৰৰ মূল অৰ্থ বুজি পালোঁ।
: কিন্তু এতিয়াটো সকলো শেষ হৈ গৈছে। কিয় কৈছ এতিয়া এইবোৰ কথা? ইয়াৰ প্ৰয়োজনেই বা কি?'- মই তাক সুধিলো।
: প্ৰয়োজন আছে ৰাগ, মই এতিয়া অনুধাৱন কৰিছোঁ, নেহা বহুত ভাল ছোৱালী, মোৰ ভুল হৈ গৈছিল অ অনু! Please মোক মাফ কৰি দে!- সি মোক সাবতি ধৰিলে।
: হ'ব হ'ব দে... কিন্তু তাইক যে আজি ময়ো অভিমানতে কিবা কিবি কৈ দিলোঁ।
: একো নাই দে... বচ কাইলৈ ফুল এখোপামান আনি sorry কবি,, সব থিক হৈ যাব।
: হ'ব বাৰু দে! বল শুই থাকোগৈ ৰাতি বহুত হ'ল।
ৰাতি বিছনাত শুই শুই আত্মবিশ্লেষণ কৰি আছোঁ। মই জানো তাইক তেনেকৈ কোৱাটো শুদ্ধ হৈছিল? মই বেয়া বুলি জানিও তাইক তাই বাৰে বাৰে sorry কৈছিল। বচ মই মূৰ্খ! নিজৰ ওপৰতে খং উঠিল মোৰ।
: তাই ইমান স্বাৰ্থপৰ হ'ব নোৱাৰে অনুৰাগ! বচ বন্ধুত্ব হে বিচাৰিছে তাই তোৰ পৰা। বন্ধু হোৱাত আপত্তি কিহৰ হুম? - নিজকে নিজে কৈ উঠিলো মই। Yes কাইলৈ মই ক্ষমা খুজিম তাইক আজিৰ মোৰ ব্যৱহাৰৰ বাবে। কাইলৈ আমি ঘৰলৈও ৰাওনা হ'ব লাগিব। কিন্তু তাৰ আগতেই এথোপা ফুল চিঙি আনিমগৈ ফুলনিখনৰ পৰা। সেইথোপা ফুলেৰেই sorry কম মই তাইক।
এটা নতুন পুৱাৰ আশাৰে নিদ্ৰাদেৱীৰ কোলাত আশ্ৰয় ললো।
ৰাতিপুৱা কুঁৱলী ফালি গতি কৰিলোঁ ফুলনিডৰাৰ ফালে! সিদিনা মই হাবিডৰাৰ ফালে এটা বহুত ধুনীয়া প্ৰজাতিৰ ফুল দেখিছিলো। সেইটোকেই নেহাক উপহাৰ স্বৰূপে দি 'sorry' কম।
সৰু সৰু নানাৰঙী ফুলবোৰৰ মাজেৰে হাবিডৰাৰ মাজলৈ সোমাই গলো। লক্ষ্য ফুলটো চিঙি অনাৰ।
:হেল্প! হেল্প! - এনেতে এটা চেপা অথচ চিনাকী কন্ঠস্বৰ শুনা পালোঁ। অলপ আগলৈ ভূমূকিয়াই দেখিলোঁ দুটা প্ৰকাণ্ড শিলৰ মাজত এজন পুৰুষে এগৰাকী যুৱতীক টনা আযুৰা কৰি আছে। দৌৰি গৈ প্ৰচণ্ড জোৰেৰে গতা এটা মাৰি দিলোঁ মানুহজনক। সি বৰ্ফালখাই দূৰৈত পৰিলগৈ। কিন্তু যুৱতীগৰাকী দেখি মই বিষ্ময়ত হতবাক হৈ পৰিলোঁ। কাৰণ যুৱতীগৰাকী আন কোনো নাছিল মোৰ নেহা আছিল। খংত ফাটি পৰিলোঁ মই। দৌৰি গৈ ওচৰৰ গছ এডালৰ পৰা শকত ডালি এডাল ভাঙি আনিলো। মানুহজন স্থানীয় আছিল,ককালৰ শোচৰ পৰা ৰামদা এখন উলিয়াই সি দৌৰি আহিল মোক আক্ৰমণ কৰাৰ উদ্দেশ্যে। ময়ো গছৰ ডালিডাল দাঙি ৰৈ আছিলোঁ তাৰ গতিবিধি বোৰ লক্ষ্য কৰি । যেন ৰানপিপষু বেটচমেন এজনে বলটোৰ বাবে ৰৈ আছে চিক্স মাৰিবৰ কাৰণে।
সি মোৰ পেতত লক্ষ্য কৰি ঘাপটো মাৰিলে, মই সামান্যে ভেজাইদি তাৰ আক্ৰমণ প্ৰতিহত কৰিলোঁ। লগে লগে এপাক ঘূৰি তাৰ মূৰত এটা পূনহতীয়া টাঙুন সুধালো। বেচেৰাই তিনিপাকমান ঘূৰি চিতভেলেঙা খাই পৰি ৰ'ল। ক্ষোভত তাৰ দেহত আৰু তিনিটামান গোৰ শোধালো। শিলটোৰ আৰত নেহা উচুপি আছিল। তাইৰ কাষলৈ যোৱাৰ লগে লগে তাই দৌৰি আহি সাবতি ধৰি হুক-হুকাই কান্দিব ধৰিলে।
: "It's okay নেহা"- মই পৰিস্থিতিটো চম্ভালি চেষ্টা কৰিলোঁ।
: কিয় আহিছিলা ইয়ালৈ নেহা?- মোৰ প্ৰশ্ন।
:"ফুল এটা চিঙিবলৈ! ভাবিছিলো তোমাক এথুপা ফুল দি ক্ষমা খুজিম।"- তাইৰ আবেগসনা উত্তৰ।
:"মই বহুত বেয়া ল'ৰা বুলি গম পাইয়ো! ইমান sorry কৈ থাকিব নালাগে দিয়া।"
:"সেই সকলোবোৰ মিছা আছিল। প্ৰজ্ঞানে যোৱাকালি মোক সকলোবোৰ খুলি কৈছে।" -তাই ক'লে।
:"অহ!" প্ৰজ্ঞানক মনতে হাজাৰ ধন্যবাদ দিলো।
:"তুমি মোক বহুত ভালপোৱা ন?" -তাই প্ৰশ্ন কৰিলে।
:"বহুত..." মই কও নকওকৈ কলো।
তাই একো নকলে উত্তৰত।
তাইৰ দেহৰ কোমলতাখিনিয়ে যেন মই প্ৰজ্ঞানক কৰা প্ৰতিজ্ঞাৰ দেৱালখন ভাঙি পেলালে! তাতে তাই মোৰ দুবাহুত! তাইৰ স্পন্দন বোৰ মোৰ দেহত অনুভৱ কৰিছোঁ, আই ঐ.... কি যে মিঠা অনুভৱ।
:"I love you Neha" মোৰ সেই একেই বাক্য বান!
:"I love you too". -তাইৰ এইবাৰ পজিটিভ উত্তৰ।
সমস্ত আবেগেৰে তাইক সাবতি ধৰিলো। এনেতে হঠাৎ মনত পৰিল মোৰ সিদিনা দেখা সপোনটোৰ কথা। ধন্যবাদ জনালো ভগৱানক মোৰ সপোনটো সচা কৰি দিয়াৰ বাবে।
:"ৰাগ, মই তোমাক বহুত কষ্ট দিলোঁ ন?"
:"নাই অ দেহা, প্ৰেমত বুলে বিপদ, সংঘাত আদি নাথাকিলে প্ৰেমৰ আচল মজাটোৱে নালাগে।"
:"তোমাক দেখিছোঁ বেচ প্ৰেম বিসাৰদ!" -এইবুলি নেহাই চিকুটি দিলে মোক পেততে।
:"অ' দুখ পাইছোঁ অ'। বলা এতিয়া যাওঁ ইয়াৰ পৰা, বস্তু বোৰ পেকিং কৰিব লাগিব নহয়।
তাইৰ হাতত ধৰি ওলাই আহিলো হাবিডৰাৰ মাজৰ পৰা, অহা সাতটা জনমলৈ এৰি নিদিয়াৰ প্ৰতিশ্ৰুতিৰে....
লেখকৰ পৰিচয়
নাম- দেদ্বিপ্যমান পাতৰ
ঠিকনা- চৰাইহাগী, মৰিগাঁও
আপোনাৰ লিখনিও আমালৈ প্ৰেৰণ কৰিব পাৰে।
1 Comments
Val lagil
ReplyDelete