(প্ৰথম খণ্ড)
এইবাৰ দেউতাকে কোৱা কথাবোৰ তাইৰ কাণত পৰাৰ লগতে একে জাপে চকীখনৰ পৰা উঠি আঙুলিৰ মূৰত অলপ সময় কিবা এটা হিচাপ কৰি কৈ উঠিল-"ইস্ এইবোৰ সকলো মিছা কথা। মই এইবাৰ ইংৰাজীত 100ৰ ভিতৰত 50 নম্বৰৰ answers কৰিয়ে থৈ আহিছোঁ আক্, তুমি কলেই হব নেকি।এইবোৰ সকলো তোমাৰ নৌটংকি।"-সম্পূৰ্ণ আত্মবিশ্বাসত তাই উত্তৰটো দিলে। s

আগষ্টৰ এক কোমল পুৱা। গৰম আছে যদিও ৰিব্ ৰিব্ কৈ মলয়া জাকে গাত চুই গৈছিল। অসম আৰ্হিৰ সৰু ঘৰটোৰ বাৰাণ্ডাতে পাৰি থোৱা চকী এখনত বহি নিশাই অপলক ভাবে একেথিৰে পদূলিলৈ দৃষ্টি নিবন্ধন কৰি আছে। পদূলিৰ মূৰত থকা বকুল জোপাৰ ফাঁকেৰে পুৱাৰ কোমল ৰ'দবোৰ আহি বাৰাণ্ডাৰ ৰেলিং চুইছেহি। যদিও সিহঁতৰ বাৰাণ্ডাৰ পৰা পদূলীলৈ চকু ফুৰালে ৰাস্তাৰে যোৱা মানুহবোৰ দেখা যায়,তাইৰ সেইবোৰলৈ ভ্ৰূক্ষেপ নাই। তাই কেৱল এক প্ৰতিমাৰ দৰে মুক্ হৈ ভাৱনাত বিভোৰ হৈ পৰিছে,যেন অন্য এক পৃথিৱীতহে বিচৰণ কৰি আছে তাই।
সদায় চঞ্চলা পখিলা হৈ উৰি ফুৰা ছোৱালীজনী আজি এনেকৈ নিস্তব্ধ হৈ বহি থকা দেখি পিছফালৰ পৰা দেউতাকে মাত লগালে-
: "নিশা তই আজি স্কুললৈ যব নালাগে নেকি? এতিয়ালৈ ৰেডী হোৱা নাই যে? আঠ বাজি পঞ্চল্লিছ হল,শিল পৰা কপৌ জনী হৈ বহি আছ যে??" -দেউতাকে জানে স্কুল যোৱাৰ মন নাথাকিলেই তাই এনেকৈ থাকে। দেউতাকৰ কথাবোৰ পিছে তাইৰ কাণত নপৰিল। সেয়েহে আলাসৰ লাড়ু জীয়েকক জোকোৱাৰ চলেৰে দেউতাকে কাণত মবাইলটো লৈ ফোনত কথা পতাৰ এক্টিং কৰিলে-
: "হেল্ল' অ ৰাজীৱ !! (ৰাজীৱ তাইৰ স্কুলৰ ইংৰাজীৰ শিক্ষক হোৱাৰ লগতে ঘৰুৱা টিউচনৰো শিক্ষক)আজি ক্লাছ 10ৰ ছয়মহীয়া পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ কথা আছে নেকি?"-অলপ ৰৈ দেউতাকে এইবাৰ অলপ ডাঙৰকৈয়ে চিঞৰিলে-"কি আমাৰ নিশা ইংৰাজীত ফেইল??"
-এইবাৰ দেউতাকে কোৱা কথাবোৰ তাইৰ কাণত পৰাৰ লগতে একে জাপে চকীখনৰ পৰা উঠি আঙুলিৰ মূৰত অলপ সময় কিবা এটা হিচাপ কৰি কৈ উঠিল-"ইস্ এইবোৰ সকলো মিছা কথা। মই এইবাৰ ইংৰাজীত 100ৰ ভিতৰত 50 নম্বৰৰ answers কৰিয়ে থৈ আহিছোঁ আক্, তুমি কলেই হব নেকি।এইবোৰ সকলো তোমাৰ নৌটংকি।"-সম্পূৰ্ণ আত্মবিশ্বাসত তাই উত্তৰটো দিলে।
:" বাঃ বাঃ মোৰ ছোৱালীয়ে ১০০ৰ ভিতৰত ৫০ নম্বৰ কৰি আহিছে। I am proud of you my girl"
:"thank you.. thank you.. my dear দেউতা.....।(এনেকৈ সম্ভাষণ জনালে দেউতাকে যেন তাইৰ প্ৰশংসা হে কৰিছে।) এটা subjectত মই কম নম্বৰ পালোঁ তাতে কি হ'ল।বাকীবোৰতো মই 90ৰ তলত নাপাওঁ। আৰু ইংৰাজীনো কিয় জানিব লাগে?আমাৰ মাতৃভাষা অসমীয়াহে।" -তাইৰ আব্দাৰৰ স্পষ্টীকৰণ।
:"তোক বুজাই নোৱাৰিছো। ইংৰাজীত বেয়া কাৰণেই টিউচনো দিছো ইংৰাজীত। নাই একো লাভ নাই। যা এতিয়া সোনকালে স্কুললৈ ওলা গৈ।"
:"এস্ আজি নাযাওঁৱে নেকি দেউতা।"
:"বিনা কাৰণত স্কুল ক্ষতি কৰাৰ কোনো দৰকাৰ নাই।সদায়ে স্কুল যাবলৈ এলাহ। আৰুনো কেইটা স্কুলীয়া দিন আছে। এনেকৈ স্কুল ক্ষতি কৰিলে মেট্ৰিকত ভাল ৰিজাল্ট হব আৰু দে!! জোনাকক দেখিছ হায়াৰ চেকেণ্ডাৰীত কিমান ভাল ৰিজাল্ট কৰিলে। এতিয়া বোলে কটনতে Admission লৈছে। ইয়াৰ পৰা অহা যোৱা কৰিবলৈ প্ৰায় দুঘণ্টা সময় লাগে কাৰণে তাতে হোষ্টেলতে থকাৰ ব্যৱস্থা কৰিছে।"
:" এ মই জানো দিয়া সি কালিয়ে হোষ্টেল গ'ল বুলি। তোমাৰ আৰু সেই বান্দৰটোৰ গুণ বখানিব পালে কি লাগে।ভালেই হ'ল সেইটো গ'ল।"-দেউতাকৰ কথাৰ ওপৰতে তপককৈয়ে নিশাই উত্তৰটো দিলে। নিশাৰ "বান্দৰ"... মানে জোনাক হ'ল বৰুৱাৰ ল'ৰা। বৰুৱা নিশাৰ দেউতাকৰ লগত একেটা অফিচতে কৰ্মৰত কৰ্মচাৰী। সেয়েহে নিশাহত এইখন চহৰত অহাৰ পৰাই নিশাৰ দেউতাক আৰু বৰুৱাৰ বন্ধুত্ব।নিশাহত মৰিগাঁওৰ স্থায়ী বাসিন্দা নহয়।দেউতাকৰ চাকৰিৰ সূত্ৰে তাই ক্লাছ 6ত থাকোতেই ইয়ালৈ আহিছিল।জোনাকৰ ঘৰৰ পৰা নিশাহতৰ ঘৰৰ দূৰত্ব প্ৰায় ২০০ মিটাৰ মান হব। প্ৰায় অহা যোৱা চলিয়েই থাকে দুইটা পৰিয়ালৰ মাজত। সেয়ে নিশাই বেছিভাগ সময় জোনাকৰ লগতে হাঁহি-ধেমালী, কাজিয়া কৰি পাৰ কৰে। তাই মুখতে তাক যিমানে বেয়া নপৱক, কাজিয়া নকৰক সি যোৱাৰ কাৰণেই তাই কিবা এটা অভাৱ অনুভৱ কৰিছে। তাইৰ মনটো সেইবাবেই আজি গধূৰ।
আগলৈ.....
লেখিকা: হিমাশ্ৰী ৰাভা
ঠিকনা: মৰিগাঁও
আমালৈ লেখা প্ৰেৰণ কৰক:
email:
whatsapp: 6002909398
0 Comments